মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

ইতিহাস

  •             ৰাজ্যখনৰ লগতে দেশখনৰ কল্যাণ সাধনৰ বাবে বিভিন্ন পৰিকল্পনা প্ৰস্তুতিৰ উদ্দেশ্যে পৰিসাংখ্যিক তথ্যসমূহ সংগ্ৰহ, সংকলন আৰু ক্ৰমানুসাৰে সজাবলৈ ১৯৪৮ চনত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, অসম প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমতে, অৰ্থনৈতিক আৰু পৰিসংখ্যা সঞ্চালকালয়, অসম বিত্ত বিভাগৰ নিয়ন্ত্ৰণাধীন আছিল (যাক এতিয়া পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ হিচাপে পুনৰ নামাকৰণ কৰা হৈছে) প্ৰশাসনীয় নিয়ন্ত্ৰণৰ অধীনলৈ অনা হল। আৰম্ভণিৰে পৰা, এই সঞ্চালকালয়খনে ৰাজ্যৰ বৃহত্ স্বাৰ্থৰ বাবে ফলদায়ক নীতি আৰু আঁচনিসমূহ গ্ৰহণ কৰিবলৈ চৰকাৰক গুণভিত্তিক সেৱা আগবঢ়াই আহিছে। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আৰু প্ৰগতিৰ প্ৰকৃত ছবিখন দৃষ্টিগোচৰ কৰিবলৈ ই বিভিন্ন প্ৰতিবেদন প্ৰকাশ কৰে।

    ৰাজ্যখনত বিভিন্ন পৰিসাংখ্যিক কাৰ্য চলাই নিয়াৰ লগতে এটা সক্তিশালী তথ্যৰ সংগ্ৰহ গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীৰ জয়ানগৰত মুখ্য কাৰ্যালয় থকা সঞ্চালকালয়টোৰ আছে ২৩টা জিলা কাৰ্যালয় আৰু ১৩টা উপ-বিভাগীয় কাৰ্যালয়। জিলা কাৰ্যালয়সমূহৰ মুৰব্বী হল সহকাৰী সঞ্চালকসকল আৰু উপ-বিভাগীয় কাৰ্যালয়সমূহৰ মুৰব্বী হল পৰিসংখ্যা সেৱাৰ বিষয়া। অতিৰিক্তভাৱে ইয়াত দুটা আঞ্চলিক কাৰ্যালয় আছে যাৰ মুৰব্বী হল দুগৰাকী যুটীয়া সঞ্চালক – দুয়োখন স্বায়ত্ত শাসিত পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে এজন আৰু বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলৰ অধীনৰ চাৰিখন জিলাৰ বাবে আনজন এইখিনিতেই এইটো উল্লেখ কৰা প্ৰাসঙ্গিক হব যে মৰিগাওঁ, ধেমাজি আৰু তিনিচুকীয়া জলাৰ কাৰ্যালয়সমূহে এতিয়াও উপ-বিভাগীয় কাৰ্যালয় হিচাপে কাম কৰি আছে যত নেকি এইকেইখন জিলাৰ অন্যান্য ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহে জিলা পৰ্যায়ৰ কাৰ্যালয় হিচাপে কাম কৰি আছে।

                গাঁও পৰ্যায়ৰ পৰিসংখ্যাৰ গুৰুত্বলৈ লক্ষ্য ৰাখি, খণ্ড পৰিসীমাৰ ভিতৰত পৰা প্ৰত্যেকখন গাঁৱৰেই পৰিসাংখ্যিক তথ্যসমূহ সংগ্ৰহ আৰু তত্বাৱধানৰ বাবে ৰাজ্য চৰকাৰে, পৰিসংখ্যা বিভাগৰ উপ-পৰিদৰ্শকৰ বাবে সমপৰ্যায়ৰ ১৩৪টা সামূহিক উন্নয়ন পৰিসংখ্যা বিষয়াৰ পদ সৃষ্টি কৰিছে। সামূহিক উন্নয়ন খণ্ডৰ বাবে পৰিসংখ্যা বিষয়াৰ পদ সৃষ্টি কৰিছে। সামূহিক উন্নয়ন খণ্ডৰ বাবে সৃষ্ট ওপৰত উল্লিখিত পদসমূহৰ ভিতৰত ২০টা পদ চৰকাৰৰ দ্বাৰা বাতিল কৰা হৈছে। বৰ্তমান ২১৯টা সামূহিক উন্নয়ন খণ্ডৰ বাবে ৭৩জন পৰিসংখ্যা বিভাগৰ উপ-পৰিদৰ্শকে কাম কৰি আছে। ওপৰৰ খিনিৰ লগত সংযোজিত ভাৱে, এই সঞ্চালকালয়ৰ ভালেসংখ্যক পৰিসাংখ্যিক বিষয়াৰ সেৱা, বহুতো ৰাজ্য চৰকাৰৰ বিভাগৰ পৰিসাংখ্যিক পদ্ধতিসমূহ শক্তিশালী কৰাৰ উদ্দেশ্যে, সেইসমূহত সংস্থাপিত কৰা হৈছে (প্ৰতিনিধিত্ব ভিত্তিত)