মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

অসমৰ ৰাজ্যিক পাৰ্শ্বচিত্ৰ

  • অসমৰ ৰাজ্যিক পাৰ্শ্বচিত্ৰ

    উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য অসমেই হৈছে উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশ-দ্বাৰ, যাক সাতখন ৰাজ্য অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু পশ্চিম বংগআৰু দুখন ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানে আগুৰি আছে। ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ভৌগোলিক পৰিধিৰ ৰাজ্যখন প্ৰচুৰ পৰিমাণে সাৰুৱা ভূমি আৰু জলজ সম্পদেৰে ভৰি আছে, যাৰ ৯৮.৪ শতাংশ ঠাইয়েই হল গ্ৰামীণ অঞ্চলৰ। দেশৰ মুঠ ভৌগোলিক ভূখণ্ডৰ প্ৰায় ২.৪ শতাংশ ভূমি অসমে আগুৰি আছে আৰু দেশৰ জনসংখ্যাৰ ২.৬ শতাংশক আশ্ৰয় প্ৰদান কৰিছে। ৰাজ্যখনৰ জনসংখ্যাৰ অধিকাংশই ইয়াৰ দুই প্ৰধান নদী-তন্ত্ৰৰ সমৃদ্ধ উপত্যকাসমূহত বাস কৰে যত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩০খন আৰু বৰাক উপত্যকাত ৩খন জিলা অন্তৰ্ভুক্ত হৈ আছে। কম জনবসতিপূৰ্ণ তিনিখন পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৱে পাহাৰৰ নামনি অংশত অৱস্থিতি গ্ৰহণ কৰি দুই উপত্যকাক পৃথক কৰি ৰাখিছে। প্ৰশাসনীয় সুবিধা তথা ৰাজহ আদায়ৰ উদ্দেশ্যে, বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ অন্তৰ্গত চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু নতুনকৈ স্থাপিত হোৱা ৬খন জিলা ক্ৰমে বিশ্বনাথ, চৰাইদেই, হোজাই, দক্ষিণ শালমৰা- মানকাছৰ, পশ্চিম কাৰ্বি আংলং, মাজুলীকে ধৰি ৰাজ্যখনত সৰ্বমুঠ ৩৩খন জিলা আছে।

    ৰাজ্যখনক প্ৰকৃতিয়ে প্ৰচুৰ পৰিমাণে আশীষ-ধন্য কৰি ৰাখিছে। সোঁমাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈ ৰাজ্যখন দ্বিখণ্ডিত কৰিছে। ৰাজ্যখনৰ দক্ষিণ দিশে থকা বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে প্ৰচুৰ পৰিমাণে জলজ সম্পদ যোগান ধৰিছে। বিবিধ মহামূল্যৱান কাঠ, বাঁহ আৰু ঔধষী গছেৰে ইয়াৰ গভীৰ অৰণ্যসমূহ ভৰি আছে। ৰাজ্যখনত তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। ৰাজ্যখনৰ খাৰুৱা উপত্যকা আৰু পাহাৰৰ দেশসমূহে চাহ বাগিছা আৰু উদ্যান-শস্যসমূহ ইয়াৰ অতি সমৃদ্ধ আৰু সাৰুৱা ভমিখণ্ডই প্ৰতিপালন কৰে।

    প্ৰশাসনীয়ভাৱে অসমক ৮০টা উপ-বিভাগ, ২১৯টা উন্নয়ন খণ্ড আৰু ২২০২খন গাঁও পঞ্চায়তেৰে সৈতে ৩৩খন জিলাত বিভক্ত কৰা হৈছে, যাৰ ভিতৰত ৪টা উপ-বিভাগ আৰু ১৬টা উন্নয়ন খণ্ড ৩খন জিলা কাৰ্বি আংলং, পূৱ কাৰ্বি আংলং আৰু ডিমা হাছআও, পাহাৰীয়া জিলাৰ অধীনত। ইয়াৰ উপৰি, ৮টা উপ-বিভাগেৰে সৈতে চাৰিখন জিলা, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা বড়োলেণ্ড প্ৰদেশিক পৰিষদৰ অধীনত। ব্ৰহ্মপুত্ৰ উপত্যকাত উত্তৰপাৰ সমভূমি মণ্ডল (NBPZ), উজনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (UBVZ), কেন্দ্ৰীয় ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (CBVZ) আৰু নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (LBVZ) অন্তৰ্ভুক্ত হৈ আছে, যত বৰাক উপত্যকা মণ্ডলত প্ৰধানকৈ তিনিখন জিলা সেয়া হল কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ সমভূমি অঞ্চল অন্তৰ্ভুক্ত হৈ আছে।

    বাৰিষা কালত ৰাজ্যখন গুৰুতৰভাৱে বানপানীৰ দ্বাৰা প্ৰভাৱিত হয় আৰু খাদ্যশস্য, পশুধন, ভূমি, সম্পত্তিৰ প্ৰচুৰ ক্ষতিসাধন কৰি মানুহৰ জীৱনলৈ সীমাহীন দুখ-দুৰ্দশা নমাই আনে। প্ৰতি বছৰেই ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাই বানপানীৰ সন্মুখীন হয়, যিয়ে কেৱল মূল্যবান জীৱন আৰু সম্পত্তিকে যে উটুৱাই নিয়ে এনে নহয়, ই গৰাখহনীয়া আৰু জল নিষ্কাষণ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি অৰ্থনীতি ধংস কৰি পেলায়, বিশেষকৈ ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতি ক্ষতিগ্ৰস্ত কৰে।

    অসমত বিভিন্ন সামাজিক-সাংস্কৃতিক তথা জাতিগত বিভিন্নতাৰে ভৰা বিভিন্নধৰ্মী জনসংখ্যা আছে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩১২.০৫ লাখ, যাৰ ভিতৰত ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা। ২০০১-২০১১ চনলৈ সমগ্ৰ দেশখনতে জনসংখ্যা বৃদ্ধিৰ দশকজোৰা হাৰ ১৭.৬৮ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ১৭.০৭ শতাংশ। ৰাজ্যখনৰ সৰ্বমুঠ ৩১২.০৫ লাখ জনসংখ্যাৰ ভিতৰত ৮৬ শতাংশই গাঁও অঞ্চলত বাস কৰে আৰু ১৪ শতাংশ জনসাধাৰণে চহৰাঞ্চলত বাস কৰে। অসমৰ জনসংখ্যাৰ ঘনত্ব ২০০১ চনৰ ৩৪০জনৰ পৰা ২০১১ চনত ৩১৮জনলৈ বৃদ্ধি পাইছে বা গড় হিচাপত এটা দশক আগৰ তুলনাত বৰ্তমান ৰাজ্যখনত প্ৰতি বৰ্গ কিলোমিটাৰত ৫৮জন অধিক মানুহে বসবাস কৰে।

    অধিক তথ্যৰ বাবে অসম এক অৱলোকন ২০১৬ তথ্যসূত্ৰ চাব পাৰে।

    অসম এক অৱলোকন ২০১৬
    ভৌগোলিক অৱস্থিতি 
    ভৌগোলিক অৱস্থিতি:

    ২৪ উ – ২৮

    অক্ষাংশ:

    ৯০ পূ– ৯৬ পূ

    ভৌগলিক ক্ষেত্ৰ( বৰ্গ কি.মি.):

    ৭৮৪৩৮

    গড় বৃষ্টিপাত(মিমি):

    ২০৭৭.৮

    জিলা(বৰ্ষ ২০১৬):

    ৩৩

    চাব- ডিভিজন(বৰ্ষ ২০১৬)]:

    ৮০

    ব্লক:২১৯
    ৰাজস্ব মণ্ডল:১৮৪

    জিলা পৰিষদ:

    ২০

    আঞ্চলিক পৰিষদ:

    ১৮৯

    গাওঁ পঞ্চায়ত:

    ২২০২
    নগৰ:

    ২১৪

    গাওঁ:

    ২৬৩৯৫

    গৃহস্থালী:৬৪০৬৪৭১
    সৰ্বমুঠ জনসংখ্যা:

    ৩১২০৫৫৭৬

    পুৰুষ জনসংখ্যা   (লোকপিয়ল ২০১১):

    ১৫৯৩৯৪৪৩

    মহিলা জনসংখ্যা  (লোকপিয়ল ২০১১):১৫২৬১১৩৩
    গ্ৰামীণ জনসংখ্যা  (লোকপিয়ল ২০১১):

    ২৬৮০৭০৩৪

    নগৰীয়া জনসংখ্যা(লোকপিয়ল ২০১১):

    ৪৩৯৮৫৪২

    লিংগ অনুপাত (প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলা) (লোকপিয়ল ২০১১):

    ৯৫৮

    জনবসতি ঘনত্ব (প্ৰতি বৰ্গ কিঃমিঃ (লোকপিয়ল ২০১১):৩৯৮
    শিশু জনবসতি (০-৬ বছৰ) (লোকপিয়ল ২০১১)   :৪৬৩৮১৩০
    শিশু লিংগ অনুপাত (০-৬ বছৰ) (লোকপিয়ল ২০১১):

    ৯৬২

    সাক্ষৰতাৰ হাৰ (%)(লোকপিয়ল ২০১১):

    ৭২.১৯

    সাক্ষৰতাৰ হাৰ (%) (গাঁও)(লোকপিয়ল ২০১১):

    ৬৯.৩৪

    সাক্ষৰতাৰ হাৰ      (%) (নগৰ)(লোকপিয়ল ২০১১):

    ৮৮.৪৭

    পুৰুষ সাক্ষৰতাৰ হাৰ     (%) (লোকপিয়ল ২০১১):৭৭.৮৫
    পুৰুষ সাক্ষৰতাৰ হাৰ (%)(গাঁও)(লোকপিয়ল ২০১১):৭৫.৪
    পুৰুষ সাক্ষৰতাৰ হাৰ (%)(নগৰ)(লোকপিয়ল ২০১১):

    ৯১.৮

    মহিলা সাক্ষৰতাৰ হাৰ (%)(লোকপিয়ল ২০১১):

    ৬৬.২৭

    মহিলা সাক্ষৰতাৰ হাৰ (%)(গাঁও)(লোকপিয়ল ২০১১):৬৩.০
    মহিলা সাক্ষৰতাৰ হাৰ (%) (চহৰ)(লোকপিয়ল ২০১১):৮৪.৬
    জন্ম হাৰ (প্ৰতি ১০০০) (২০১৪):২২.৪
    মৃত্যুৰ হাৰ (প্ৰতি হাজাৰত) [২০১৪]:৭.২
    দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসংখ্যা (তেণ্ডুলকাৰ পদ্ধতি ২০১১-১২)৩১.৯৮
    চলিত মূল্যত জনমূৰি মুঠ ৰাজ্যিক ঘৰুৱা উত্পাদন (টকাত)(২০১৫-১৬)(Q):৬০৯৫২
    চলিত মূল্যত জনমূৰি সৰ্বমুঠ ঘৰুৱা উত্পাদন (টকাত)(২০১৫-১৬)(Q):৬৭৭৪২
    ৰাজহ আদান (লাখত) (২০১৬-১৭ (BE):৬৬১৭৯৮৮
    কেন্দ্ৰীয় কৰসমূহ :১৮৯৩৮২৮
    ৰাজ্যিক কৰসমূহ:১৫৬৩৪৩০
    কৰবিহীন ৰাজহ (ৰাজ্যৰ দ্বাৰা সংগৃহীত):

    ৫৮৪৬৫২

    সাহায্যপ্ৰাপ্ত মঞ্জুৰী:২৫৭৬০৭৮
    ৰাজহ ব্যয় (লাখত) ২০১৬-১৭ (বি ই)৬২৪৫৯০৪
    সাধাৰণ সেৱাসমূহ২০১১৫৯২
    সামাজিক আৰু সাম্প্ৰদায়িক সেৱাসমূহ:২৯০৭৭৯৩
    অৰ্থনৈতিক সেৱাসমূহ:

    ১২৫৭০৭৮

    সাহায্যপ্ৰাপ্ত মঞ্জুৰী আৰু বৰঙণি   :৬৯৪৪৫

    ভূমিৰ ব্যৱহাৰ (হেক্টৰত) (২০১৪-১৫(P)):-

     
    সৰ্বমুঠ নথিভুক্ত অঞ্চল  :৭৮৪৩৮০০
    বনাঞ্চল:১৮৫২৬৭৬
    কৃষি বহিৰ্ভূত ভূমিৰ ব্যৱহাৰ:২৪৬০৩১৭
    মুঠ বীজ ৰোপিত অঞ্চল:

    ২৮২৭৩২৪

    মুঠ  শস্য চপোৱা অঞ্চল :৪০৮২৫৯৪

    অধীনস্থ অঞ্চল (.০০০ হেক্টৰ) (২০১৫-১৬(P)):-

     
    ধান:

    ২৪৮৫

    ঘেঁহু :

    ২১

    গোম ধান :

    ২৮

    শুকান বীজ:১৪২
    মুঠ খাদ্য শস্য :২৬৮৩
    মুঠ তেলজাতীয় বীজ:৩৩০

    উত্পাদন (.০০০ হেক্টৰ) (২০১৫-১৬(P)):-

     
    ধান-:

    ৫১২৫

    ঘেঁহু :৩৪
    গোম ধান :৮৭
    শুকান বীজ:১০৮
    মুঠ খাদ্য শস্য:৫৩৫৯
    মুঠ তেলজাতীয় বীজ (নাৰিকলৰ বাহিৰে):২১৫

    ব্যৱহৃত ভূমিসমূহৰ সংখ্যা (২০১০-১১):-

     
    সীমামূৰীয়া (১ হেক্টৰতকৈ তাকৰ):১৮৩১১১৫
    ক্ষুদ্ৰ (১.০ৰ পৰা ২.০ হেক্টৰলৈ) :

    ৪৯৬৫৭৪

    অৰ্ধ মধ্যৱৰ্ত্তী (২.০ৰ পৰা ৪.০ হেক্টৰলৈ):৩০৩৫২৮
    মধ্যৱৰ্ত্তী (৪.০ৰ পৰা ১০.০ হেক্টৰলৈ):৮৪৮৬৯
    বৃহত্ (১০.০ হেক্টৰতকৈ অধিক):৪১৩৭
    ব্যৱহৃত ভূমিসমূহৰ গড় আকাৰ (হেক্টৰত):

    ১.১০

    মুঠ জলসিঞ্চিত অঞ্চল (হেক্টৰত):১৭৮৬৫১
    সৰ্বমুঠ জলসিঞ্চিত অঞ্চল (হেক্টৰত):২১৯০১৬

    (২০১৫-১৬)ৰ উত্পাদন:-

     
    গাখীৰ (নিযুত লিটাৰ):৮৮৮
    কণী (নিযুত সংখ্যক):৪৭৪
    মাংস (.০০০ টন):

    ৪৪.৮১

    পশু চিকিত্সা সম্বন্ধীয় সুবিধাসমূহ

     
    চিকিত্সালয়:

    ২২

    ঔষধালয় আৰু খণ্ড ঔষধালয়:৪৩৬
    মুখ্য গ্ৰামীণ কেন্দ্ৰ :৩০
    মীন মহলৰ অধীনত সৰ্বমুঠ অঞ্চল (হেক্টৰ) (২০১৫-১৬)২৮৬২৫৯
    নদী মীন মহলসমূহত (কিঃমিঃ) (২০১৫-১৬):৪৮২০
    মাছৰ কণী উত্পাদন (নিযুত) (২০১৫-১৬):৫৬৭৮.৩৯
    মাছৰ উত্পাদন (টন) (২০১৫-১৬):২৯৪২০০
    সংৰক্ষিত বনাঞ্চলৰ অধীনৰ এলেকা (হেক্টৰ)(২০১৫-১৬):১৩৯৭৩১৫.৮
    ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা:

    বন্যপ্ৰাণী অভয়াৰণ্যৰ সংখ্যা            :১৮
    বিদ্যুত্ উত্পাদনকাৰী কেন্দ্ৰসমূহত স্থাপিত ক্ষমতা(মেগা ৱাটত) (২০১৫-১৬)  :৩৭৯.৭
    সৰ্বমুঠ গোট উত্পাদন (মেগা ইউনিট) (২০১৫-১৬):

     

    ১৮৫১.১০
    শক্তিৰ প্ৰয়োজনীয়তা (মেগা ইউনিট)(২০১৫-১৬):

    ৭৮৫৭.০০

    বিদ্যুতৰ (মেগা ইউনিট) লভ্যতা (২০১৫-১৬):

    ৭৫৭১

    বৈদ্যুতিকীকৰণ হোৱা গাঁৱৰ শতকৰা:৮৮
    বিদ্যুত সংযোগ হোৱা ঘৰৰ শতকৰা  :

    ৩৭

    উত্পাদন-

     
    পেট্ৰলিয়াম (অপৰিশোধিত) (.০০০ টন) (২০১৫-১৬):৪৫১৩
    কয়লা (.০০০ টন):৩৯৭
    চূণশিল (.০০০ টন) (২০১৫-১৬):৪৪২
    প্ৰাকৃতিক গেছ (মিলিয়ন কিউবিক মিটাৰ) (২০১৫-১৬):

    ২৯০৩

    পঞ্জীকৃত কাৰখানাসমূহ (২০১৫)          :৫৭৯৯
    পঞ্জীকৃত কাৰখানা শ্ৰমিক  :২১৯৯০৩
    ৰেচম গাঁও (২০১৫-১৬):১১২৮১
    ৰেচম শিল্পত নিযুক্ত পৰিয়ালসমূহ (২০১৫-১৬):৪৯৬৯০১
    পাট সূতা (১০০০ কেজি) উত্পাদন (২০১৫-১৬)   :

    ২৭১২.৮

    চাহ বাগিচাৰ সংখ্যা (২০১৬):

     
    ক্ষুদ্ৰ খেতিয়ক:৮৪৫৭৭
    বৃহত্ খেতিয়ক:

    ৭৬৭

    চাহ খেতিৰ অধীনস্থ এলেকা (হেক্টৰ) (২০১৬):

     
    ক্ষুদ্ৰ খেতিয়ক:৭৮২০৩
    বৃহত্ খেতিয়ক:

    ২২৬১৯৭

    চাহ উত্পাদন (.০০০ কেজি)(২০১৬):৬৪২১৮০
    গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰী হোৱা চাহ (প্ৰতি কেজি দৰ)(২০১৫):১৩৮.৯৬
    পথত থকা মুঠ গাড়ীৰ সংখ্যা (২০১৫-১৬):২৬৬৬৫৮৯
    প্ৰতি ১০০ বৰ্গ কিঃমিঃ ভৌগোলিক অঞ্চলত থকা মটৰ গাড়ীৰ সংখ্যা৩৪০০
    প্ৰতি লক্ষ জনসংখ্যাৰ বিপৰীতে মটৰগাড়ীৰ সংখ্যা:৮৫৪৭
    ডাক ঘৰৰ সংখ্যা (২০১৫-১৬)  :

    ৪০১১

    গড়কাপ্তানি পথৰ দৈৰ্ঘ্য (কিঃমিঃত) (২০১৬):-

     
    পকী পথ (Blocktopped):৪৪৮৬২
    কেঁচা পথ:১৯৩১৬
    ৰাষ্ট্ৰীয় ঘাইপথ     :

    ৩৮৬২.৫৪

    ৰাজ্যিক ঘাইপথ   :২৫৩০
    সৰ্বমুঠ গড়কাপ্তানি পথ      :৪৪৮৬২
    সৰ্বমুঠ পথৰ দৈৰ্ঘ্য (ৰাষ্ট্ৰীয় ঘাইপথক ধৰি):৪৮৭২৪.৫৪

    ৰেলপথৰ দৈৰ্ঘ্য (কিঃমিঃত)  :-

     
    ব্ৰড গজ :২৪০০.৮৫
    মিটাৰ গজ:

    ৪১.৭২

    সকলো তালিকাভুক্ত বাণিজ্যিক বেংক (প্ৰতিবেদন) (২০১৬):-

     
    সৰ্বমুঠ কাৰ্যালয় (সংখ্যা) :

    ২১৭৭

    সৰ্বমুঠ জমা (কোটিৰ হিচাপত টকা):১০৩৭৯৪
    সৰ্বমুঠ দেনা (কোটিৰ হিচাপত টকা):৪২৬৭১
    দেনা জমা অনুপাত:৪১.১০
    প্ৰতি বেংকৰ কাৰ্যালয়ৰ দ্বাৰা আবৃত জনসংখ্যা (.০০০ ব্যক্তি):

    ১৪

    অনুষ্ঠানৰ সংখ্যা (২০১৫-১৬)   :-

     
    নিম্ন প্ৰাথমিক:৪০৪৮০
    উচ্চ প্ৰাথমিক:১১৫৯১
    উচ্চ আৰু উচ্চতৰ মাধ্যমিক:

    ৮২৪১

    সাধাৰণ শিক্ষাৰ কাৰণে মহাবিদ্যালয়:৩৪৪
    কনিষ্ঠ মহাবিদ্যালয়:

    ৬৫৭

    বৃত্তিমুখী শিক্ষাৰ বাবে মহাবিদ্যালয়:

     
    কৃষি আৰু বন পালনবিদ্যা:

    প্ৰযুক্তিবিদ্যা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়   :

    ১৮

    চিকিত্সা মহাবিদ্যালয় (হোমিঅ’/আয়ুৰ্বেদিক/দন্ত ইত্যাদি)  :

    ১১

    নিয়োগ (সংখ্যাত):- 
    নিম্ন প্ৰাথমিক:২৯২৫৩৪৯
    উচ্চ প্ৰাথমিক:১৪৫২৭৭৮
    উচ্চ আৰু উচ্চতৰ মাধ্যমিক:১১৫০৭৪৬

    শিক্ষাচ্ছিন্নৰ সংখ্যা:-

     
    নিম্ন প্ৰাথমিক (%):১৫.৪
    উচ্চ প্ৰাথমিক (%):১০.৫
    অসামৰিক চিকিত্সালয় (২০১৫-১৬):২৫
    উপ-বিভাগীয় অসামৰিক চিকিত্সালয়:

    ১৩

    প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ         :১০১৪
    সাম্প্ৰদায়িক স্বাস্থ্য কেন্দ্ৰ:১৫১
    শিশু মৃত্যুৰ হাৰ (প্ৰতি .০০০):

    ৪৯

    নৱজাতকৰ মৃত্যুৰ হাৰ (প্ৰতি .০০০)   :

    ২৬

    পাঁচ বছৰৰ তলৰ শিশু মৃত্যুৰ হাৰ (প্ৰতি .০০০):৬৬
    সমবায় সমাজৰ সংখ্যা (২০১৪-১৫):৯২২২
    জাৰি কৰা জব কাৰ্ডৰ সংখ্যা (এম.জি.এনৰেগা)(২০১৪-১৫):৪৫৮৮৫৫৫
    ১০০ দিনীয়া নিয়োগপ্ৰাপ্ত পৰিয়ালৰ সংখ্যা (২০১৪-১৫):৪২৩৬২
    সৃষ্ট নিযুক্তি (লাখ ব্যক্তিদিন):৪৮৬.৪৩
    Downloads
    অসমৰ ৰাজ্যিক পাৰ্শ্বচিত্ৰ
    TitleSizeDetail
    Assam At a Glance -2016267.44 KBswf-image