মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

কৃষিজাত পৰিসংখ্যা

  • অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ কৃষি বিভাগৰ মূল কাৰ্যসমূহ হল কৃষিজাত পৰিসংখ্যাসমূহৰ সংগ্ৰহ, সংকলন, তত্বাৱধান। DES (অ.প.স.) হল শস্য পৰিসংখ্যা উন্নতি সাধন (ICS), শস্যৰ খতিয়ান জৰপী (CES), ভূমি ব্যৱহাৰৰ পৰিসংখ্যা (LUS), শস্যৰ পূৰ্বানুমান, সময়োচিত প্ৰতিবেদনৰ আঁচনিসমূহ (TRS), আঞ্চলিক গণনাৰ নমুনা নিৰীক্ষণ, তামোল, নাৰিকল, ফলমূল আৰু শাক-পাচলিৰ নমুনাৰ জৰীপ, ২খন পাহাৰীয়া জিলাৰ ঝুম খেতিৰ খতিয়ান জৰীপৰ দৰে আঁচনিসমূহৰ তথ্য সংগ্ৰহ, সংকলন আৰু বিশ্লেষণ কৰাৰ ৰাজ্যিক কৃষিজাত পৰিসংখ্যা কৰ্তৃপক্ষ (SASA)।

    ৰাজ্যখনত এই বিভাগটোৱে কৃষিজাত পিয়ল পৰিচালনা কৰে। কৃষিজাত পিয়ল হল এটা কেন্দ্ৰীয় খণ্ডৰ আঁচনি, যত বিভিন্ন ধৰণৰ শ্ৰেণী, সামাজিক গোট আৰু লিংগৰ দ্বাৰা ব্যৱহৃত ভূমিসমূহৰ গঠন আৰু ইয়াৰ লগত সম্পৰ্কিত বৈশিষ্ট্যসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ দেশত পাঁচ বছৰৰ ব্যৱধানত পৰিচালনা কৰা হয় যিয়ে দেশখনৰ কৃষিখণ্ডৰ গঠন সম্পৰ্কে কিছুমান মুখ্য তথ্য যোগান ধৰে।

    ভূমি ব্যৱহাৰৰ পৰিসংখ্যা (LUS)

    ভূমি ৰাজহ প্ৰশাসনৰ পৰিণতি হিচাপে ৰাজ্যখনত ভূমি ব্যৱহাৰ আৰু শস্য এলেকাৰ পৰিসংখ্যা উদ্ভৱ হৈছে। ৰাজ্যিক ব্যৱস্থাটোৱে প্ৰত্যেক শস্যৰ কালত লাট মণ্ডলসকলৰ দ্বাৰা ক্ষেত্ৰভিত্তিক কৰ্মীসকল তেওঁলোকৰ ক্ষেত্ৰাধিকাৰৰ অন্তৰ্গত গাঁওসমূহৰ পথাৰে পথাৰে গণনা কৰাৰ বিষয়ে ধাৰণা কৰি লৈছে। চিথা নামৰ পঞ্জীয়ন বহী এখনত শস্য অঞ্চল আৰু ভূমি ব্যৱহাৰৰ বিষয়ে সবিশেষ নথিভুক্ত হৈ আছে। এই প্ৰাথমিক দলিলখনৰ ভিত্তিত অৰ্থীতিক আৰু পৰিসংখ্যা সঞ্চালকালয়ে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ভূমি ব্যৱহাৰৰ পৰিসংখ্যা প্ৰস্তুত কৰিব লাগে, সেয়া হল- অঞ্চল সাৰাংশ, শস্য সাৰংশ আৰু জলসিঞ্চন সাৰাংশ। কিন্তু এই পদ্ধতিটোৱে শস্যৰ অধীনৰ অঞ্চলৰ পৰিসংখ্যা প্ৰদান কৰাত অনিবাৰ্যভাৱে বিলম্বতাৰ সৃষ্টি কৰে যাৰ বাবে বিভিন্ন শস্যৰ অধীনৰ অঞ্চলৰ সঠিক উপযোগিতা (অসমত বিভিন্ন শস্য উত্পাদনৰ খতিয়ানৰ বাবে) নহয়।

    সময়োচিত প্ৰতিবেদনৰ আঁচনিসমূহ (TRS)

    ১৯৭৩-৭৪ চনৰ পৰা কেন্দ্ৰীয় কৃষি আৰু সহযোগিতা মন্ত্ৰালয়ৰ দ্বাৰা শস্য সিঁচা অঞ্চলসমূহৰ খবৰ সময় মতে পোৱাৰ বাবে আঞ্চলিক প্ৰতিবেদনৰ ব্যৱস্থা সংগঠিত কৰাৰ উদ্দেশ্যে সময়োচিত প্ৰতিবেদন আঁচনি হিচাপে জনাজাত অনুষ্ঠআন এটাৰ পৰিচয় কৰোৱা হৈছিল। এই আঁচনিখনৰ উদ্দেশ্য আছিল ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় নীতি, সিদ্ধান্ত আদি প্ৰস্তুত কৰা আৰু বিভিন্ন শস্যসমূহৰ অধীনৰ অঞ্চল আৰু সেইসমূহৰ উত্পাদন সম্পৰ্কে প্ৰয়োজন হোৱা হিচাপ-নিকাচ অগ্ৰীমভাৱে নিৰ্ভৰযোগ্য হিচাপে কৰা। যদিও ৰাজহ বিভাগৰ ক্ষেত্ৰ ভিত্তিক কৰ্মী (মণ্ডল)সকলৰ দ্বাৰা প্ৰাথমিক পৰ্যায়ৰ কামখিনি সমাধা কৰা হয়, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালকে প্ৰায়োগিক পৰিকল্পনা আৰু আঁচনিসমূহ দাঙি ধৰিছে, প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে আৰু ফলাফলসমূহ বিশ্লেষণ কৰিছে।

    কৃষিজাত পৰিসংখ্যাৰ ৰাজ্যিক সমিতি (SCAS)

    চৰকাৰে শস্যৰ অধীনৰ প্ৰাক্-কলন অঞ্চলৰ প্ৰস্তুতি আৰু উপ-বিভাগীয় পৰ্যায়ৰ কৃষিজাত পৰিসংখ্যাসমূহ সংগ্ৰহ, সংকলন আৰু তত্বাৱধানৰ বাবে এখন উপ-বিভাগীয় সমিতি গঠন কৰিছে।

    একোটা বিভাগতে চৰকাৰে প্ৰাক্-কলন অঞ্চল প্ৰস্তুতি আৰু শস্য উত্পাদনৰ বাবে তথা ৰাজ্যিক পৰ্যায়ত, কৃষিজাত পৰিসংখ্যাৰ সংগ্ৰহ, সংকলন আৰু তথ্য চূড়ান্তকৰণৰ পুনৰীক্ষণৰ বাবে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিবক অধ্যক্ষ আৰু অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সচিবক অধ্যক্ষ আৰু অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালকক সদস্য-সচিব হিচাপে লৈ কৃষিজাত পৰিসংখ্যাৰ ৰাজ্যিক সমিতি নামৰ অন্য এখন সমিতি গঠন কৰিছে।

    শস্যৰ পূৰ্বানুমান নিৰ্ঘণ্ট

    ভাৰত চৰকাৰে উপ-বিভাগীয় পৰ্যায়ত প্ৰাক্-কলন অঞ্চল চূড়ান্তকৰণ আৰু গড় ফচল উত্পাদনৰ হিচাপ নিকাচৰ বাবে পূৰ্বানুমান সভাসমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্দিষ্ট তাৰিখ আৰু শস্যদেখুৱাই এখন শস্য নিৰ্ঘণ্ট প্ৰৱৰ্তন কৰিছে, উপ-বিভাগসমূহৰ পৰা যি গ্ৰহণ কৰাৰ পিছত জিলা ৰু ৰাজ্যিক পৰ্যায়ৰ অঞ্চল, গড় ফচল আৰু উত্পাদনৰ হিচাপৰ চূড়ান্তকৰণ আৰু মুকলিকৰণ, হিচাপৰ চূড়ান্তকৰণ আৰু মুকলিকৰণ, প্ৰাক্-কলন নিৰ্ঘণ্ট অনুসৰি ভাৰত চৰকাৰলৈ সৰবৰাহৰ বাবে কৃষিজাত পৰিসংখ্যাৰ ৰাজ্যিক সমিতিৰ সভাসমূহ অনুষ্ঠিত কৰা হয়।

    শস্যৰ হিচাপ সমীক্ষা (CES)

    অসম ৰাজ্যৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ দ্বাৰা কৃত কৃষিজাত পৰিসংখ্যাসমূহৰ সৈতে সম্পৰ্কিত অপৰিহাৰ্য কাৰ্যসমূহৰ ভিতৰত শস্যৰ হিচাপ পৰীক্ষাও এটা। CESৰ লক্ষ্য হল জিলা আৰু ৰাজ্যিক ভিত্তিত গড় ফচল (কিঃগ্ৰাঃ/হেক্টৰ) হিচাপ কৰা আৰু মুখ্য খাদ্য আৰু ঔদ্যোগিক শস্যসমূহৰ উত্পাদন আৰু ক্ষেত্ৰ পৰ্যায়ত ফচল পৰীক্ষণ পৰিচালনা আৰু বিজ্ঞানসন্মতভাৱে পৰিকল্পনা কৰা। CES অসমে সামৰি লোৱা ৯বিধ মুখ্য খাদ্য আৰু ঔদ্যোগিক শস্য হল- খাৰিফ ধান, মৰাপাট, ৰবি ধান, মাটি দাইল, ৰেইপচীদ আৰু সৰিয়হ, আলু, কুঁহিয়াৰ, ঘেঁহু আৰু শ্ৰীৰাম ধান। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংগঠন (NSSO)ৰ কাৰিকৰী দিহাৰ অধীনত শস্যৰ হিচাপৰ জৰীপসমূহ কৰা হয়।

    তামোল, নাৰিকল, ফল-মূল আৰু শাক-পাচলিৰ জৰীপ (ACFV)

    তামোল, নাৰিকল, ফল-মূল আৰু শাক-পাচলি খেতি থকা অঞ্চল আৰু তামোল আৰু নাৰিকলৰ গড় ফচল আৰু উত্পাদন গণনা কৰিবলৈ অন্য শাক-পাচলিৰ জৰীপ (ACFV) ওঅৰ্তনীতি আৰু পৰিসংখ্যা বিভাগ, অসমৰ দ্বাৰা পৰিসাংখ্যিক কৌশল অনুসৰণ কৰি নিয়মিতভাৱে পৰিচালনা কৰা হয়।

    শস্য পৰিসংখ্যাৰ উন্নয়ন (ICS)

    ৰাজ্যসমূহক নিৰ্ভৰযোগ্য হিচাপ-নিকাচ প্ৰাপ্তিৰ বাবে উপযোগী জৰীপৰ কৌশল বিকাশ কৰা, কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ সাহায্য আৰু ব্যৱস্থাপনা সুনিশ্চিতকৰণৰ বাবে প্ৰায়োগিক পথ প্ৰদৰ্শন কৰাৰ সামগ্ৰিক দায়িত্ব হল ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু অনুষ্ঠান কাৰ্যকৰীকৰণ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংগঠনৰ (NSSO)। শস্য পৰিসংখ্যাৰ সংগ্ৰহৰ উন্নতি সাধিবৰ বাবে ভাৰত চৰকাৰৰ NSSO (FOD)য়ে যুটীয়াভাৱে অসম ৰাজ্যিক চৰকাৰৰ সৈতে মিলি ১৯৭৪-৭৫ চনৰে পৰা ৰাজ্যখনত শস্য পৰিসংখ্যাৰ উন্নয়ন (IOS) আঁচনিখন চিনাকি কৰি দিছে। এই আঁচনিখনৰ লক্ষ্য হৈছে প্ৰাথমিক শ্ৰমিকসকলৰ ওপৰত অৰ্থপূৰ্ণ প্ৰায়োগিক তদাৰক অব্যসন কৰি শস্য পৰিসংখ্যাৰ সংগ্ৰহৰ ক্ষেত্ৰত নাটনি নিৰূপণ কৰা আৰু ব্যৱস্থাটোৰ উন্নতি কল্পে প্ৰতিকাৰমূলক ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা।

    কৃষি পিয়ল

    কৃষি পিয়ল হল কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহৰ অধীনৰ বিস্তৃত পৰিসাংখ্যিক অভিযান যত কৃষিক্ষেত্ৰৰ অধিকাৰসমূহক কাৰ্যৰ মৌলিক উপাদান হিচাপে ধৰি লৈ ভূমি অধিকাৰৰ পুংখানুপুংখ তথ্যসমূহ সংগ্ৰহ কৰা হয়। এই পিয়লটো ব্যৱহাৰৰ স্বত্ত্বৰ সম্পৰ্কে মৌলিক তথ্যসমূহ পাবলৈ পৰ্যায়ক্ৰমে সংগ্ৰহ কৰা হয়, সেয়া হল- সংখ্যা, আকৃতি, ৰায়তী স্বত্ব, ভূমি উপযোগিতা, জলসিঞ্চনৰ সবিশেষ আৰু শস্যৰ আৰ্হি আদি

    ৰাজ্যখনত ২০১৫-১৬ বৰ্ষৰ দশম কৃষি পিয়ল চলিত অৱস্থাত আছে। ২০১৫-১৬ বৰ্ষত কৃষি পিয়লৰ প্ৰথম পৰ্যায়ৰ তথ্যসমূহ, এই বছৰৰ শেষৰ পিনে সহজলভ্য হব বুলি আশা প্ৰকাশ কৰা হৈছে।

    • এই প্ৰকাশনখনত ১৯৭০-৭১ চনৰে পৰা ২০১০-১১লৈ ব্যৱহাৰৰ অধিকাৰীসকলৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন সম্পৰ্কে এখন প্ৰতিবেদন উপলভ্য হৈ আছে।
    • এই প্ৰকাশনখনত ১৯৭০-৭১ চনৰে পৰা ২০১০-১১লৈ ব্যৱহাৰৰ অধিকাৰীসকলৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন সম্পৰ্কে এখন প্ৰতিবেদন উপলভ্য হৈ আছে।agcensus.nic.in

      

    বিভিন্ন শস্যৰ জিলা ভিত্তিক অঞ্চল, উত্পাদন আৰু গড় ফচল
    ধানখাৰিফ ধানৰবি ধানগ্ৰীষ্ম ধানসৰ্বমুঠ  
    শুকান বীজবুটঅৰহৰৰবি শুকান বীজসৰ্বমুঠ  
    ৰবি শুকান বীজমুগমচুৰমাটিমাহমটৰঅন্যান্যসৰ্বমুঠ
    আঁহজাতীয় শস্যকপাহমৰাপাটমেষ্টাসৰ্বমুঠ  
    খাদ্য শস্যধানগোমধানঘেঁহুসৰু বজ্ৰা আৰু অন্য শস্যসৰ্বমুঠ 
    তেলজাতীয় শস্যএৰাতিচিতিলৰেইপচীদ আৰু সৰিয়হনিগাৰসৰ্বমুঠ
    খাদ্য দানা শস্যখাদ্য শস্যশুকান বীজসৰ্বমুঠ    
    অন্যান্যকুঁহিয়াৰজালুকআদাতামোলকমলা 
    আনাৰসআলুমিঠা আলুচাণ্ডদানাপিঁয়াজ 
    অমিতাকলজলকীয়ানাৰিকলধপাতহালধি