আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত তথ্য জনাৰ অধিকাৰ আইন,২০০৫ হল এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্বৰূপ। সাধাৰণ মানুহৰ বিৰুদ্ধে কৰ্তৃপক্ষসমূহে গঢ়ি তোলা গোপনীয়তাৰ বেৰখন ই আঁতৰাই পঠিয়াইছে। দেশখনৰ যিকোনো এজন সাধাৰণ নাগৰিকৰ প্ৰয়োজন অনুসৰি কৰ্তৃপক্ষসমূহে সকলো তথ্য ব্যক্ত কৰাটো আইনখনে বিধিবদ্ধ নিয়মত পৰিণত কৰিছে। যি কি নহওক, আইনখনৰ সফলতা কৰ্তৃপক্ষসমূহৰ আৰু সেইসকলৰ যিয়ে বৃহত্তৰ সমাজৰ কল্যাৰ বাবে বা তেওঁলোকৰ প্ৰগতিৰ বাবে তথ্যসমূহ লাভ কৰিব বিচাৰে, বোধন শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে।
২০০৫ চনৰ ১২ অক্টোবৰৰ পৰা তথ্য জনাৰ অধিকাৰ আইন শক্তিশালীভাৱে লাগু কৰিছে। জম্মু আৰু কাশ্মীৰৰ বাহিৰে সমগ্ৰ ভাৰতবৰ্ষতে এই আইনখনে প্ৰসাৰ লাভ কৰিছে।
তথ্য মানে হল নথি, দস্তাবেজ, স্মাৰকপত্ৰ, ই-মেইল, মতামত, প্ৰেছ বিজ্ঞপ্তি, প্ৰচাৰপত্ৰ, নিবিদাপত্ৰ, পঞ্জীয়ন বহী, চুক্তিপত্ৰ, প্ৰতিবেদন, কাগজপাতি, নমুনা, আৰ্হি, যিকোনো বৈদ্যুতিক ৰূপত থকা তথ্যকে ধৰি যিকোনো বস্তু। প্ৰতিখন ৰাজ্য চৰকাৰেই চৰকাৰী ৰাজপত্ৰত অধিসূচনা জাৰি কৰি, অৰ্পিত ক্ষমতাসমূহ কাৰ্যকৰীকৰ আৰু এই আইনৰ অধীনৰ নিৰ্দেশিত কাৰ্সমূহ ৰূপায়ণ কৰিবলৈ ৰাজ্যিক তথ্য আয়োগ নামৰ এটা গোট গঠন কৰিব লাগিব। এই আইনখন কাৰ্যকৰী হোৱাৰ পাছত আৰম্ভণিৰে পৰা সময়ে সময়ে ৰাজ্যিক তথ্য আয়োগৰ নিৰ্দেশ অনুসৰি, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ আৰু ইয়াৰ সহকাৰী বিষয়াসকলে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ কাৰ্যকৰী আহিছে।