মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

ৰাজ্যিক আয় পৰিসংখ্যা

ৰাজ্যিক আয় –

ৰাজ্যখনৰ মুঠ ঘৰুৱা উত্পাদন আৰু ইয়াৰ সম্পৰ্কিত থূপসমূহ হল পৰিকল্পনা আৰু নীতি প্ৰস্তুতিৰ মূল উপাদান, যাক ৰাজ্যখনৰ উন্নয়নমূলক প্ৰক্ৰিয়াৰ উল্লেখযোগ্য সূচক হিচাপে বিবেচনা কৰা হয়। ৰাজ্যৰ উত্পাদনৰ হিচাপে, এচোৱা সময়ৰ ভিতৰত ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিস্তৃতি আৰু পৰিৱৰ্তনৰ দিশসমূহ ব্যক্ত কৰে। অসম ৰাজ্যই গ্ৰহণ কৰা ৰাজকোষৰ সংস্কাৰ পদ্ধতিসমূহে ২০০৫-০৬ চনৰে পৰা অনুকূল ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু উচ্চ অৰ্থনৈতিক বিকাশম প্ৰাপ্তিৰ বাবে মুখ্য কাৰক হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে যাৰ ফলত সৰ্বসাধাৰণৰ কল্যাণৰ উন্নতি সাধন হৈছে।

নতুন শ্ৰেণীৰ (২০১১-১২ ভিত্তি) খতিয়ানত চলিত দৰত সৰ্বমুঠ ৰাজ্যিক ঘৰুৱা উত্পাদনৰ বাৰ্ষিক গড় উন্নতিৰ হাৰ ২০১১-১২ৰ পৰা ২০১৫-১৬(P) চনলৈ ১২.৫ শতাংশ আৰু চলিত দৰত একেই সময়ছোৱাত মুঠ ৰাজ্যিক ঘৰুৱা উত্পাদনৰ হাৰ হল ১১.৬ শতাংশ। স্থায়ী দৰৰ ক্ষেত্ৰত (২০১১-১২), ২০১১-১২ৰ পৰা ২০১৫-১৬ (PQ) চনলৈ বাৰ্ষিক গড় উন্নতিৰ হাৰ হল ৫.৮ শতাংশ, সৰ্বমুঠ ৰাজ্যিক ঘৰুৱা উত্পাদনৰ বাবে আৰু ৫.৬ শতাংশ মুঠ ৰাজ্যিক ঘৰুৱা উত্পাদনৰ বাবে।

২০১৬-১৭ বৰ্ষৰ বাবে GSDP আৰু NSDPৰ খতিয়ান

২০১৬-১৭ বৰ্ষৰ বাবে GSDP আৰু NSDPৰ খতিয়ান ১৭৮৯২৯.৬৪ কোটি টকা হোৱাৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত (দ্ৰুত হিচাপ) ১৯৫৪৯৬.৯৩ কোটি যিয়ে ৯.২১ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে। চলিত দৰত (২০১১-১২) কৃষি আৰু ইয়াৰ স্বজাতীয় খণ্ডসমূহত GSDPৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ২০১৪-১৫ বৰ্ষৰ ৩.২৮ শতাংশৰ পৰা ২০১৫-১৬ বৰ্ষত ১.০৪ শতাংশলৈ হ্ৰাস পাইছে। খনন আৰু শিল অনুসন্ধান, উত্পাদন, বিদ্যুত, গেছ, পানী যোগান আৰু অন্যান্য উপযোগিতা সেৱাসমূহ আৰু নিৰ্মাণ খণ্ডৰে গঠিত উদ্যোগ খণ্ডত ২০১৬-১৭(Q) বৰ্ষত বৃদ্ধিৰ হাৰ ৮.৩৩ শতাংশ হিচাপ কৰাৰ বিপৰীতে ২০১৪-১৫ (P) বৰ্ষত এই হাৰ আছিল ৭.৩১ শতাংশ। বাণিজ্য, মেৰামতি, হোটেল আৰু ৰেষ্টোঁৰা, যাতায়ত, ভঁৰাল, যোগাযোগ আৰু সম্প্ৰচাৰ সম্পৰ্কীয় সেৱাসমূহ, বিত্তীয় সেৱাসমূহ, ৰাজহুৱা প্ৰশমন আৰু অন্যান্য সেৱাসমূহেৰে গঠিত সেৱা খণ্ডৰ চলিত দৰত (২০১১-১২) GSDPৰ বাৰ্ষিক উন্নতিৰ হাৰ ২০১৬-১৭ বৰ্ষত ৯.৬৭ শতাংশ হোৱাৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত ১৩.১০ শতাংশ।

২০১৬-১৭ বৰ্ষত GSDPলৈ ক্ষেত্ৰবিশেষৰ বৰঙণি –

নিৰ্দিষ্ট দৰত তাত্ক্ষণিক হিচাপ

২০১৬-১৭ বৰ্ষৰ বাবে জনমূৰি আয়ৰ খতিয়ান

২০১১-১২ বৰ্ষৰ নিৰ্দিষ্ট দৰত NSDPৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনমূৰি আয় ২০১৬-১৭ বৰ্ষত ৫১১২৬.০০ টকা (তাত্ক্ষণিক হিচাপ) আৰু ২০১১-১২ বৰ্ষত ৪১১৪২.০০ টকা হিচাপে গণনা কৰা হৈছে। ২০১১-১২ৰ পৰা ২০১৫-১৬লৈ সময়ছোৱাত গড় বাৰ্ষিক বৃদ্ধি হল ৪.০৪ শতাংশ। চলিত দৰত জনমূৰি NSDP ২০১৫-১৬ আৰু ২০১১-১২ বৰ্ষৰ বাবে যথাক্ৰমে ৬৪০৪৬.০০ আৰু ৪১১৪২.০০ টকা। এই সময়ছোৱাত গড় বৃদ্ধিৰ হাৰ হল ৯.২৮ শতাংশ।

২০১৫-১৬ (P) বৰ্ষৰ বাবে সৰ্বমুঠ ৰাজ্যিক ঘৰুৱা উত্পাদন

অসম ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উত্পাদন (GSDP) ২০১৪-১৫ বৰ্ষত (চূড়ান্ত হিচাপ) চলিত দৰত ১৯৫৭২৩.১৫ কোটি হোৱাৰ বিপৰীতে বাৰ্ষিক ১৫.৬ শতাংশ বৃদ্ধিৰ ২০১৫-১৬ বৰ্ষত (কেঁচা হিচাপ) ২২৬২৭৫.৮৫ কোটি হিচাপে গণনা কৰা হৈছে।

সৰ্বমুঠ ৰাজ্যিক ঘৰুৱা উত্পাদন ২০১৪-১৫ বৰ্ষত নিৰ্দিষ্ট দৰ (২০১১-১২)ত ১৬৫২১২.৩০ কোটি হোৱাৰ বিপৰীতে প্ৰাৰম্ভিক বৰ্ষতকৈ ৭.৬৭ শতাংশ বৃদ্ধি দেখুৱাই ২০১৫-১৬ বৰ্ষত ১৭৮৯২৯.৬৪ কোটি টকা হিচাপে গণনা কৰা হৈছে। ২০১৫-১৬ বৰ্ষৰ কেঁচা হিচাপ অনুযায়ী, কৃষি আৰু ইয়াৰ আনুসংগিক কাৰ্যসমূহে পূৰ্বৱৰ্ত্তী বৰ্ষ ২০১৪-১৫ বৰ্ষৰ ২.৬৮ শতাংশতকৈ তুলনামূলকভাৱে উপান্ত বৃদ্ধি দেখুৱাই ২০১৫-১৬ বৰ্ষত ৩.২৮ শতাংশ হৈছে। সেৱা খণ্ডই পূৰ্বৱৰ্ত্তী বৰ্ষৰ ৬.৮০ শতাংশ বৃদ্ধিৰ তুলনাত ২০১৫-১৬ বৰ্ষত ৯.৬৭ শতাংশ উচ্চ বৃদ্ধিৰে বৰঙণি যোগাইছে।

Downloads
TitleSizeDetail
Gross State Domestic Product (Base 2011-12) at Constant price (2011-12).pdf397.7 KBswf-image
Gross State Domestic Product (Base 2011-12) at Current Price_0.pdf464.75 KBswf-image
Net State Domestic Product (Base 2011-12) at Constant price (2011-12).pdf396.55 KBswf-image
GSDP at Factor Cost by Industry of Origin (Base Year 2004-05 at Constant Prices).pdf382.17 KBswf-image
GSDP at Factor Cost by Industry of Origin (Base Year 2004-05 at Current Prices) (1).pdf384.26 KBswf-image
NSDP at Factor Cost by Industry of Origin (Base Year 2004-05 at Current Prices).pdf383.12 KBswf-image
GSDP of all States - UTs of India at Constant Prices (Base Year 2004-05).pdf328.38 KBswf-image
NSDP at Factor Cost by Industry of Origin (Base Year 2004-05 at Constant Prices).pdf383.27 KBswf-image
NSDP of all States - UTs of India at Current Prices (Base Year 2004-05).pdf326.91 KBswf-image
GSDP of all States - UTs of India at Current Prices (Base Year 2004-05).pdf326.44 KBswf-image
Per Capita NSDP of all States - UTs of India at Constant Prices (Base Year 2004-05).pdf327.25 KBswf-image
Per Capita NSDP of all States - UTs of India at Current Prices (Base Year 2004-05).pdf327.63 KBswf-image
NSDP of all States - UTs of India at Current Prices (Base Year 2004-05).pdf326.91 KBswf-image
Net State Domestic Product (Base 2011-12) at Current Price_0.pdf400.93 KBswf-image