মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

ঔদ্যোগিক পৰিসংখ্যা

অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত উপলব্ধ (i) উদ্যোগৰ বাৰ্ষিক সমীক্ষা (ASI) (ii) কিছুমান নিৰ্বাচিত ঔদ্যোগিক গোটৰ পৰা কিছুমান নিৰ্বাচিত বস্তুৰ ক্ষেত্ৰত মাহিলী উত্পাদনৰ তথ্য (MPD) সংগ্ৰহৰ দ্বাৰা অসমৰ ঔদ্যোগিক উত্পাদনৰ সূচক (IIP) (iii) মুখ্য খনিজাত পদাৰ্থসমূহ যেনে- কয়লা, পেট্ৰলিয়াম (অপৰিশোধিত), প্ৰাকৃতিক গেছ (ব্যৱহৃত) আৰু চূণশিল (iv) চাহ পৰিসংখ্যা আৰু (v) উদ্যোগ/কাৰখানাসমূহৰ ক্ষেত্ৰত হোৱা ধৰ্মঘট আৰু স্থগিতকৰণৰ ক্ষেত্ৰত ঔদ্যোগিক পৰিসংখ্যাসমূহ।

  • উদ্যোগসমূহৰ বাৰ্ষিক সমীক্ষা (ASI: - অসমৰ লগতে ভাৰতৰো ঔদ্যোগিক পৰিসংখ্যাৰ প্ৰধান উত্স হল উদ্যোগসমূহৰ বাৰ্ষিক সমীক্ষা। উদ্যোগ খণ্ডৰ বহুতো দিশ সামৰি বছৰি ইয়াক পৰিচালনা কৰা হয়। ASIৰ শেহতীয়া উপলব্ধ বাৰ্তা হল ২০০৮-০৯ আৰু ২০০৯-১০ৰ প্ৰতিবেদনসমূহ, সেয়া হলেও ২০১০-১১ আৰু ২০১১-১২ৰ প্ৰতিবেদনসমূহৰ প্ৰস্তুতি চলি আছে। সদ্যহতে ASI ২০১৫-১৬ৰ কাৰ্যাৱলী চলি আছে আৰু ২০১২-১৩ৰ তালিকাকৰণৰ কামো চলন্ত অৱস্থাত আছে।
  • ঔদ্যোগিক উত্পাদনৰ সূচক (IIP):- ঔদ্যোগিক ক্ষেত্ৰৰ বিকাশ ঔদ্যোগিক উত্পাদনৰ সূচকেৰে মূল্যায়ন কৰা হয় (IIP)। এটা নিৰ্দিষ্ট সময়ৰ ঔদ্যোগিক উত্পাদনৰ বিশালতাৰ সৈতে অন্য এটা প্ৰাসঙ্গিক সময়ৰ তুলনাৰ এয়া হল আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিক অৰ্থনৈতিক সূচকসমূহৰ অন্যতম এটা। ২০১৫-১৬ বৰ্ষৰ IIP, অসমৰ কাৰ্যসমূহ ২০১১-১২ ভিতি বৰ্ষৰ সৈতে, প্ৰস্তুতি পৰ্যায়ত আছে। ২০০৪-০৫ৰ পৰা ২০১৪-১৫ বৰ্ষলৈকে অসমৰ IIP, ২০০৪-০৫ ভিতি বৰ্ষৰে সৈতে ইতিমধ্যে উপলব্ধ হৈছে।
  • খনিজ পৰিসংখ্যা:- ৰাজ্যিক ঘৰুৱা উত্পাদনলৈ খনি খণ্ডৰ বৰঙণি উপেক্ষা কৰিব পৰা বিধৰ নহয়, কিন্তু মুঠ SDPৰ প্ৰায় ৪ শতাংশ বৰঙণি ই আগবঢ়াইছে। যি কি নহওক, এয়া ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে। DES অসমে অসমৰ খনিজ উত্পাদনৰ সূচকৰ প্ৰতিবেদনসমূহ কেৱল খনিজাত পদাৰ্থসমূহ সামৰি প্ৰকাশ কৰি আহিছে (অসমৰ সকলো খনিজ পদাৰ্থৰ মুঠ মূল্যমানৰ ৯৩ শতাংশ কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছেৰে (ব্যৱহৃত) গণনা কৰা হয়)। কয়লাৰ বাবে তথ্যৰ উত্স হল – কল ইণ্ডিয়া লিমিটেড, মাৰ্ঘেৰিয়া, অসম, অসম খনি উন্নয়ন নিগম আৰু ইণ্ডিয়ান ব্যুৰো অৱ মাইনছ, নাগপুৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ তথ্যৰ বাবে উত্সসমূহ হল- তেল আৰু প্ৰাকৃতিক গেছ নিগম, নাজিৰা;অইল ইণ্ডিয়া সলিমিটেড, দুলীয়াজান আৰু ইণ্ডিয়া ব্যুৰো অব মাইনছ, নাগপুৰ। চূণশিলৰ বাবে তথ্যৰ উত্সসমূহ হল- চিমেণ্ট কৰ্পোৰেশ্যন অব ইণ্ডিয়া, বোকাজান, বিনয় চিমেণ্ট ফেক্টৰী, উমৰাংচু, NECEM, উমৰাংচু আৰু ইণ্ডিয়ান ব্যুৰো অৱ মাইনছ, নাগপুৰ।
  • চাহ পৰিসংখ্যা:- অসমত মুঠ চাহ বাগিচাৰ সংখ্যা হল ৪৯,১০২খন, যাৰ ভিতৰত ৩,৩৭৫খন ক্ষুদ্ৰ চাহ বাগিচা। এই বাগিচাবোৰে ২,৯৯,৫০২ হেক্টৰ জোৰা অঞ্চল আগুৰি আছে। চাহৰ উত্পাদন প্ৰায় ৪৮,৭৪৯ হাজাৰ কিলোগ্ৰাম, যিটো ভাৰতৰ সৰ্বমুঠ চাহ উত্পাদনৰ প্ৰায় ৫৫ শতাংশ। ৰাজ্যখনৰ ৰাজ্যিক ঘৰুৱা উত্পাদনত এই উত্পাদনে প্ৰায় ৫ শতাংশ বৰঙণি আগবঢ়ায়। চাহ পৰিসংখ্যাৰ ক্ষেত্ৰত সঞ্চালকালয়ে নিয়মিতভাৱে জিলাভিত্তিক অঞ্চল, উত্পাদন আৰু শ্ৰমিকৰ গড় সংখ্যা আদিৰ পৰিসংখ্যা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে।
  •  ধৰ্মঘট আৰু স্থগিতকৰণৰ পৰিসংখ্যা:- DES, অসমৰ কেন্দ্ৰীয় কাৰ্যালয়সমূহৰ জৰিয়তে উদ্যোগ/কাৰখানাসমূহৰ পৰা এই পৰিসংখ্যা নিয়মিতভাৱে সংগ্ৰহ কৰা হয়। এই তথ্যখিনি সংকলন কৰি ভাৰত চৰকাৰৰ শ্ৰমিক ব্যুৰোক নিয়মিতভাৱে দাখিল কৰা হয়। ২০১৫ বৰ্ষৰ (জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে) ধৰ্মঘট আৰু স্থগিতকৰণৰ সবিশেষ প্ৰতিবেদন প্ৰস্তুত কৰি চিমলাৰ শ্ৰমিক ব্যুৰোলৈ পঠিয়াই দিয়া হৈছে।
Downloads
TitleSizeDetail
Index of Industrial Production in Assam (From the Year 2004-05 to 2014-15)_0.pdf296.56 KBswf-image
Index of Industrial Production in Assam for the Year 2015 -16 (Provisional)_0.pdf241.6 KBswf-image