নিযুক্তি-অনিযুক্তিৰ দৃশ্যপটৰ ধাৰা পৰিমাপ কৰিবলৈ ভাৰত চৰকাৰৰ শ্ৰমিক ব্যুৰোক ভাৰতত বাৰ্ষিক নিযুক্তি-অনিযুক্তিৰ সমীক্ষা পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সমীক্ষাসমূহে শ্ৰমিক বলৰ সৈতে জড়িত বিভিন্ন স্থিতিমাপসমূহৰ সম্পৰ্কে গুৰুত্বপূৰণ তথ্য দিয়ে। ২০১১ চনৰে পৰা DES, অসমে এই সমীক্ষাসমূহ পৰিচালনা কৰি আহিছে। ইয়াৰে পৰাই, অৰ্থাত্ ষষ্ঠ বলয়ৰ পৰাই শ্ৰমিক ব্যুৰোৱে আমাৰ সঞ্চালকালয়ক ৰাজ্যখনৰ বাবে সমভাৱে খাপ খোৱা ৰাজ্যিক নমুনাসমূহ পৰিচালনা কৰাৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। শেহতীয়া সমীক্ষাত বলয়সমূহৰ সবিশেষ এনে ধৰণৰ –
ক্ৰমিক নং | বলয় | ম্যাদ | আবণ্টিত FSUসমূহ | DES, অসমৰ দ্বাৰা পৰিৱেশিত কাৰ্যসমূহ |
---|---|---|---|---|
১ | দ্বিতীয় | ২০১১-১২ | ৩২০ | প্ৰাথমিক তথ্য সংগ্ৰহ, নিৰীক্ষণ, তথ্য নিবেশৰ কাৰ্য সম্পূৰ্ণ, এখন প্ৰতিবেদন প্ৰকাশিত হৈছে |
২ | তৃতীয় | ২০১২-১৩ | ৩৪৮ | প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে |
৩ | চতুৰ্থ | ২০১৩-১৪ | ৩৪৮ | প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে |
৪ | পঞ্চম | ২০১৪-১৫ | ৩৪৪ | প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে |
৫ | ষষ্ঠ | ২০১৬-১৭ | মুখ্য অংশ-৩৪৪, ৰাজ্যিক অংশ-৩৪৪, মুঠ – ৬৮৮ | প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু মুখ্য অংশৰ পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যিক অংশৰ নিৰীক্ষণ কাৰ্য সোনকালেই আৰম্ভ হব। |