মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

তদৰ্থ সমীক্ষা

অন্যান্য সমীক্ষা – ২০০৮-০৯ চনৰে পৰা ২০১২-১৩ চনলৈ অসমৰ গ্ৰামীণ এলেকাসমূহত এটা কাৰ্যক্ষেত্ৰৰ পৰা আন এটা কাৰ্যক্ষেত্ৰলৈ কৰ্মীসংখ্যাৰ পৰিৱৰ্তন

            এই সমীক্ষাটোৰ উদ্দেশ্য হল এটা কাৰ্যক্ষেত্ৰৰ পৰা আন এটা কাৰ্যক্ষেত্ৰলৈ কৰ্মীসংখ্যাৰ গতিৰ চিত্ৰ বৰ্ণনা কৰা, বিশেষকৈ কৃষিখণ্ডৰ পৰা অন্য খণ্ডলৈ কৰ্মীসংখ্যাৰ গতিক অধিক গুৰুত্ব দিয়া। বিগত পাঁচ বছৰত ৰাজ্যখনত কিদৰে GSDPৰ খণ্ডভিত্তিত বিন্যাসৰ পৰিৱৰ্তন কৰিছে এই অধ্যয়নে সেই সত্যক অন্বেষণ কৰিব বিচাৰিছে। এই সময়ছোৱাৰ ভিতৰত অসমত গ্ৰামীণ কৰ্মীসংখ্যাৰ এলেকা কিদৰে পৰিৱৰ্তন হৈছে তাকো অধ্যয়ন কৰিবলৈ চেষ্টা কৰা হৈছে। এই সমীক্ষাটোৰ বাবে ৪৩৮খন গাঁও বিৰ্বাচন কৰা হৈছে, সেয়া হল- ৰাজ্যৰ প্ৰতিটো খণ্ডৰ পৰা ২খনকৈ গাঁও। গাঁওসমূহৰ পৰিয়ালসমূহ হব গোটৰ অন্তিম পৰ্যায় আৰু প্ৰতিখন নিৰ্বাচিত গাঁৱৰ পৰা ১২ ঘৰকৈ পৰিয়াল যাদৃছিকভাৱে নিৰ্বাচন কৰা হৈছে। ২০১২-১৩ৰ সমীক্ষাৰ বাবে প্ৰাথমিক পৰ্যায়ৰ কাৰ্য সম্পূৰ্ণ হৈছে আৰু ইয়াৰ লগত সম্পৰ্কিত প্ৰতিবেদনো প্ৰকাশিত হৈছে।