মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

আৰ্থ-সামাজিক সমীক্ষা

বৈজ্ঞানিক নমুনাসমূহৰ পদ্ধতিৰে আৰ্থ-সামাজিক তথ্যসমূহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে ১৯৫০ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয় প্ৰতিষ্ঠা কৰিছিল। বিভিন্ন আঁচনি তথা নীতি নিৰ্ধাৰণৰ বাবে মানুহৰ বিভিন্ন আৰ্থ-সামাজিক দিশসমূহৰ ওপৰত তথ্য সংগ্ৰহ কৰিবলৈ বলয় হিচাপত দেশ-ব্যাপি NSSOয়ে সমীক্ষা অনুষ্ঠিত কৰে। ১৯৫৮-৫৯ চনৰ NSSৰ ১৪তম সমীক্ষা বলয়ৰ পৰা ইয়াৰ সৈতে সমভাৱে মিল থকা নমুনা ভিত্তিত DES , অসমেও এই ৰাষ্ট্ৰীয় উদ্যমত অংশগ্ৰহণ কৰি আহিছে। বৰ্তমানৰ বলয়, যিটো হল NSSৰ ৭৫তম, পৰিয়াল উপভোক্তা ব্যয়, পৰিয়ালৰ সামাজিক ভোগ – স্বাস্থ্য আৰু পৰিয়ালৰ সামাজিক ভোগ – শিক্ষাৰ ওপৰত ইতিমধ্যে ২০১৭ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হৈছে আৰু ২০১৮ চনৰ ৩০ জুন তাৰিখে ইয়াৰ অন্ত পৰিব। NSS সমীক্ষাৰ কেইটামান শেহতীয়া বলয় তলত উল্লেখ কৰা হল-

ক্ৰমিক নংবলয়জৰীপ ম্যাদবিষয়ৰাজ্যৰ বাবে আবণ্টিত FSU
৬৬th তমজুলাই,২০০৯- জুন,২০১০গ্ৰাহকৰ ব্যয়ৰ ধৰণ (I&II) নিযুক্তি-অনিযুক্তি৪৩২
৬৭th তমজুলাই,২০১০- জুন,২০১১নিৰ্মাণৰ বাহিৰে অনিয়মিত অ-কৃষিজাত প্ৰতিষ্ঠানসমূ.৪৮৮
৬৮th তমজুলাই,২০১১- জুন,২০১২গ্ৰাহকৰ ব্যয়ৰ ধৰণ (I & II) নিযুক্তি-অনিযুক্তি৪৩২
৬৯th তমজুলাই,২০১২- ডিচেম্বৰ,২০১২খোৱাপানী, পৰিচ্ছন্নতা, স্বাস্থ্যবিধি আৰু ঘৰুৱা অৱস্থা, বস্তিৰ বিৱৰণ২৮০
৭০th তমজানুৱাৰী,২০১৩ – ডিচেম্বৰ,২০১৩ভূমি আৰু পশু সম্পত্তিৰ অধিকাৰ, ঋণ আৰু বিনিয়োগ, কৃষি-সম্পৰ্কিত পৰিয়ালসমূহৰ প্ৰেক্ষাপট পৰিমাণ জৰীপ২৮০
৭১st  তমজানুৱাৰী, ২০১৪- জুন, ২০১৪সামাজিক ভোগঃ স্বাস্থ্য, সামাজিক ভোগঃ শিক্ষা২৮২
৭২nd তমজুলাই,২০১৪- জুন,২০১৫ঘৰুৱা পৰ্যটন ব্যয়৪৬৮
৭৩rd তমজুলাই,২০১৫- জুন,২০১৬নিৰ্মাণৰ বাহিৰে অনিয়মিত অ-কৃষিজাত প্ৰতিষ্ঠানসমূহ৫১৬
৭৪th তমজুলাই,২০১৬- জুন,২০১৭কাঠামো প্ৰতিষ্ঠাপনৰ তালিকাৰ সত্যাসত্য নিৰ্ণয়, সেৱা খণ্ডৰ সমীক্ষা৩৯৬৯
১০৭৫th তমজুলাই,২০১৭- জুন,২০১৮পৰিয়ালৰ উপভোক্তা ব্যয়, পৰিয়ালৰ সামাজিক ভোগঃ স্বাস্থ্য আৰু পৰিয়ালৰ সামাজিক ভোগঃ শিক্ষা৪৬৮