মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

দৰ পৰিসংখ্যা

১৯৪৮ চনত সঞ্চালকালয় প্ৰতিষ্ঠাৰ সময়ত দৰ বিভাগটো সৃষ্টি কৰা হৈছিল। এই বিভাগটোৰ মুখ্য উদ্দেশ্য হৈছে বিভিন্ন দৰৰ তথ্যসমূহ সংগ্ৰহ, সংকলন আৰু প্ৰকাশ কৰা। এই বিভাগটোৱে সময়ে সময়ে তথ্যসমূহ দৰ তালিকা আৰু দৰসূচক প্ৰতিবেদনৰ ৰূপত জনসাধাৰণক যোগান ধৰি আহিছে। দৰৰ তথ্যসমূহ সাধাৰমতে দৰৰ সূচকসমূহ গণনা কৰিবলৈ আৰু ৰাজ্যখনৰ দৰৰ অগ্ৰগতি পুনৰীক্ষণ কৰিবলৈ মাহিলী, তিনি মাহৰ মূৰে মূৰে আৰু বছেৰেকীয়া দৰৰ বিৱৰণী প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা হয়। কেইটামান উল্লেখযোগ্য দৰ পৰিসংখ্যা হৈছে –

(১) পামৰ ফচল দৰ –: জিলা আৰু উপ-বিভাগীয় কাৰ্যালয়সমূহত নিযুক্ত হৈ থকা ক্ষেত্ৰ বিষয়াসকলৰ দ্বাৰা ৰাজ্যখনৰ ৪৫টা নিৰ্বাচিত কেন্দ্ৰৰ পৰা সাপ্তাহিক ভিত্তিত ৰাজ্যখনত বৃদ্ধি হোৱা গুৰুত্বপূৰ্ণ কৃষিজাত পণ্যসামগ্ৰীসমূহৰ পামৰ ফচলৰ দৰসমূহ সংগ্ৰহ কৰা হয়। এই দৰৰ তথ্যসমূহৰ ওপৰত ভিত্তি কৰি বছেৰেকীয়া বিৱৰণসমূহ প্ৰস্তুত কৰা হয় আৰু পামৰ ফচলৰ দৰসমূহৰ সূচাংক, ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ পদ্ধতি অনুসৰি তথা সহযোগত যুগুত কৰা হয়। এই সূচকটি ৪৩বিধ পণ্যসামগ্ৰী সামৰি ১৯৯৩-৯৪ =১০০ ভিত্তিৰে সৈতে যুগুত কৰা হয়। ২০১৫-১৬ বৰ্ষৰ অসমত মুখ্য খাদ্য শস্যসমূহৰ পাম ফচল দৰক সূচক (ভিত্তি ১৯৯৩-৯৪ = ১০০) আহাৰ্য্য সামগ্ৰীৰ ক্ষেত্ৰত ৩৫২-১৮ আৰু অনাহাৰ্য্য সামগ্ৰীৰ ক্ষেত্ৰত ৪০০.২১ আৰু মিশ্ৰিত ক্ষেত্ৰত (মুঠ) ৩৫২.৯৫।

২) পাইকাৰি দৰ  – অসমৰ ৫৫খন নিৰ্বাচিত বজাৰৰ পৰা কৃষিজাত সামগ্ৰীসমূহৰ থাউকীয়া দৰ সংগ্ৰহ কৰা হয়। এই ৫৫খন বজাৰৰ ভিতৰত ৩০ন প্ৰাথমিক বজাৰ আৰু ২৫খন প্ৰান্তিক বজাৰ। এই দৰসমূহত ব্যৱহাৰ কৰি থাউকীয় দৰ সূচকাংক (WPI) সমূহ যুগুত কৰা হয় আৰু মাহেকীয়া ভিত্তিত নিয়মিতভাৱে প্ৰকাশ কৰা হয়। সামগ্ৰীসমূহৰ WPI সূচকাংক হল ৩৫২।

(৩) নগৰ কেন্দ্ৰিক খুচুৰা দৰ – অসমৰ বিভিন্ন জিলাত থকা ৩১টা কেন্দ্ৰৰ পৰা গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ নগৰ কেন্দ্ৰিক খুচুৰা দৰ সাপ্তাহিকভাৱে সংগ্ৰহ কৰা হয়। এই তথ্যৰ ওপৰত ভিত্তি কৰি, মাহিলী দৰ প্ৰতিবেদন/পষেকীয়া সমীক্ষা, দৰৰ তালিকাসমূহ প্ৰস্তুত কৰা হয়।

(৪) গ্ৰামীণ খুচুৰা দৰ –ৰাজ্য়খনৰ ২৫টা কেন্দ্ৰ পৰা গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ গ্ৰামীণ খুচুৰা দৰ সাপ্তাহিকভাৱে আৰু পষেকীয়াকৈ সংগ্ৰহ কৰা হয়। এই মাহেকীয়া দৰ সূচকসমূহৰ ওপৰত ভিত্তি কৰি দৰৰ তালিকা নিয়মিতভাৱে প্ৰস্তুত কৰা হয়। নৱেম্বৰ ২০১৬ৰ শেহতীয়া উপলব্ধ CPI (গ্ৰামীণ-ভৈয়ামৰ জিলাসমূহ) (ভিত্তি ১৯৯৯-২০০০) হল ৩৪১।

(৫) গ্ৰামীণ এলেকাসমূহত বিকাশ আৰু বিক্ৰয় হোৱা আৱশ্যকীয় কৃষিজাত সামগ্ৰীসমূহৰ মাহিলী খুচুৰা দৰ আৰু কৃষি ক্ষেত্ৰৰ শ্ৰমিকৰ মজুৰি –১৩টা পৃথক কেন্দ্ৰৰ পৰা গ্ৰামীণ এলেকাসমূহত বিকাশ আৰু বিক্ৰয় হোৱা আৱশ্যকীয় কৃষিজাত সামগ্ৰীসমূহৰ মাহিলী খুচুৰা দৰ সংগ্ৰহ কৰা হয়।

কৃষিক্ষেত্ৰৰ শ্ৰমিকসকলৰ মজুৰিৰ প্ৰচলিত হাৰ ২৩টা কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হয় আৰু মজুৰিৰ একীকৃত বিৱৰণী প্ৰস্তুত কৰা হয়। আৱশ্যকীয় সামগ্ৰীসমূহৰ গ্ৰামীণ খুচুৰা দৰৰ মাহিলী সমীক্ষা/বিৱৰণ ডিচেম্বৰ ২০১৬ৰ বাবে শেহতীয়াকৈ প্ৰস্তুত কৰা হৈছে।

(৬) গ্ৰাহক দৰ সূচকাংক – গ্ৰাহক দৰ সূচকাংক (CPI)ই যাক জীৱন যাপনৰ ক্ৰয় মূল্য সূচকাংক (Cost of living Index Number) হিচাপেও জনা যায়, পণ্যসামগ্ৰী আৰু সেৱাসমূহৰ বাবদ এখন বিশেষ বজাৰত চূড়ান্ত গ্ৰাহকসকলে আদায় দিয়া দৰৰ সময়ৰ লগে লগে হোৱা গঢ় পৰিৱৰ্তনৰ সাধাৰণতে প্ৰতিনিধিত্ব কৰে। বিভিন্ন এলেকাত বসবাস কৰা বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ ওপৰত উত্থান-পতনৰ (সেয়া হল- মুদ্ৰাস্ফীতি আৰু মুদ্ৰা অৱস্ফীতি)ৰ প্ৰভাৱ নিৰ্ধাৰণ কৰাত CPIয়ে সহায় কৰে। সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত CPI সূচকাংক হল-

  • নিৰ্দিষ্ট ঠাই কিছুমানৰ ঔদ্যোগিক শ্ৰমিকসকলৰ CPI – ডুমডুমা, মৰিয়নী, ৰঙাপাৰা, লাবাক াৰু গুৱাহাটীৰ CPI (IW), ভাৰত চৰকাৰৰ শ্ৰমিক ব্যুৰোৰ দ্বাৰা ২০০১ক ভিতি বৰ্ষ হিচাপে লৈ প্ৰস্তুত কৰা হৈছে। এই সূচকসমূহৰ কাৰণে বিগত ভিত্তি বৰ্ষ আছিল ১৯৮২। এই পাঁচটা কেন্দ্ৰৰ সূচকাংকৰ সহায়ত DES অসমে মাহিলী ৰাজ্যিক CPI (IW) সংকলন কৰে। অসমৰ উপলব্ধ শেহতীয়া CPI (IW) ২০১৭ মাৰ্চৰ বাবে হল ২৪৪ আৰু ভাৰতৰ হল ২৭৫ (২০০১ক ভিত্তি বৰ্ষ হিচাপে)।
  • নিৰ্দিষ্ট কেন্দ্ৰ কিছুমানৰ শ্ৰমিক শ্ৰেণীৰ জনসাধাৰণৰ CPI – অসম ৰাজ্যৰ বাবে ২০০১ক ভিত্তি বৰ্ষ হিচাপে লৈ তিনিচুকীয়া, শিলচৰ আৰু গুৱাহাটী কেন্দ্ৰৰ ভিত্তিত CPI (WCP) গণনা কৰা হয় আৰু শেহতীয়া উপলব্ধ তথ্য হল মাৰ্চ,২০১৭।
  • গ্ৰামীণ, নগৰ আৰু মিশ্ৰিত CPI – ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ সহযোগত, DES অসমে ৰাজ্যখনৰ গ্ৰামীণ, নগৰাঞ্চল আৰু মিশ্ৰিত অঞ্চলৰ তথ্য সংগ্ৰহ আৰু CPI সংকলন কৰি আহিছে। বৰ্তমানৰ ধাৰাখিনি ২০১২ ভিত্তি বৰ্ষেৰে উপলব্ধ হৈ আহিছে। ২০১৬ চনৰ মে মাহৰ বাবে অসমৰ CPI(R), CPI(U) আৰু CPI(Combined) হল ক্ৰমে ১২৬.৬, ১২৪.৭ আৰু ১২৬.২।

৭ . গৃহ নিৰ্মাণৰ বয়-বস্তুসমূহৰ পষেকীয়া দৰ আৰু গৃহ নিৰ্মাণ শ্ৰমিকসকলৰ পষেকীয়া মজুৰি – DES অসমৰ দ্বাৰা জিলাৰ মুখ্য কাৰ্যালয়সমূহৰ পৰা গৃহ নিৰ্মাণৰ বয়-বস্তুসমূহৰ দৰ আৰু গৃহ নিৰ্মাণ শ্ৰমিকসকলৰ মজুৰি পষেকীয়াভাৱে সংগ্ৰহ কৰা হয়। বিৱৰণীসমূহ প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় নিৰ্মাণ সংস্থা (NBO) লৈ নিয়মিতভাৱে পঠিওৱা হয়। শেহতীয়া তনি মাহৰ বাবে উপলব্ধ পৰিমাণটো ছেপ্তেম্বৰ ২০১৬ত অন্ত পৰিছে।

৮. নিৰ্মাণ দৰ সূচকাংক – ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰ্মাণ সংস্থা (NBO) ৰ সহযোগত নিৰ্মাণ কাৰ্যৰ বয়-বস্তুসমূহৰ দৰ তথা নিৰ্মাণ খণ্ডৰ শ্ৰমিকসকলৰ মজুৰি সামৰি ২০১১-১২ নতুন ভিত্তি বৰ্ষ হিচাপে লৈ গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকালয়ে নিৰ্মাণৰ দৰ সূচকাংক সংকলন কৰিছে আৰু বছেৰেকীয়া ভিত্তিত প্ৰকাশ কৰিছে। নিৰ্মাণ দৰ সূচকাংকৰ শেহতীয়া উপলব্ধ পৰিসংখ্যা হল ২০১৫-১৬ বৰ্ষৰ বাবে (২০১১-১২ ভিত্তি বৰ্ষেৰে) গুৱাহাটী কেন্দ্ৰৰ বাবে ১১৯.৭১।

Downloads
TitleSizeDetail
Index Numbers of Farm Harvest (Producers) Price of Principal Crops.pdf244.27 KBswf-image
Index Numbers of Whole Sale Prices of Agricultural Commodities.pdf150.25 KBswf-image
Consumer Price Index Number for Rural Population for the state of Assam (Plain Districts).pdf184.63 KBswf-image
Consumer Price Index Numbers for Agricultural and Rural Labourers.pdf183.39 KBswf-image
Consumer Price Index Numbers for Industrial Workers in Assam and India.pdf239.52 KBswf-image
Consumer Price Index Number for Working Class Population.pdf276.73 KBswf-image